আমি সকলোৱে ৰাতি শুই থাকোঁতে সাধাৰণতে গাৰু ব্যৱহাৰ কৰোঁ। গাৰুটোৱে আপোনাৰ মুৰটো অলপ উচ্চতা দিয়ে, যাৰ ফলত আমি আৰামদায়ক অনুভৱ কৰো। কিন্তু গাৰু ব্যৱহাৰ কৰিলেও আমি কিছু সাৱধানীয়তা অৱলম্বন কৰা উচিত । নহলে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে।
অতীজত, মানুহে মাটিত শুইছিল আৰু গাৰুৰ দৰে বস্তু ব্যৱহাৰ কৰা নাছিল আৰু সেই সময়ত হয়তো গাৰুৰ আৱিস্কাৰ হোৱা নাছিল আৰু মানুহে সাধাৰণতএ মূৰৰ তলত টাৱেল বা কাপোৰ লৈ শুইছিল। ইয়াৰ ফলত শৰীৰে বহু স্বাস্থ্য সম্পৰ্কিত উপকাৰিতা লাভ কৰিছিল যিবোৰ গাৰু লৈ শুৱাৰ কাৰণে আজিকালি মানুহ বঞ্চিত।
গাৰু লৈ শুলে শৰীৰৰ বিভিন্ন অংশত প্ৰভাৱ পৰে। চিকিৎসকসকলে গাৰু অবিহনে শুবলৈও পৰামৰ্শ দিয়ে। গাৰু অবিহনে শুলে শৰীৰে কি লাভ কৰে জানো আহক-
গাৰু ব্যৱহাৰ নকৰাৰ লাভালাভবোৰ
1. মেৰুদণ্ডই আৰাম লাভ কৰে
যেতিয়া এজন ব্যক্তিয়ে মূৰৰ তলত গাৰু এটা লৈ শুৱে তেতিয়া মেৰুদণ্ড আৰু মুৰৰ পজিচন একে অৱস্থাত নাথাকে । বিশেষকৈ শোৱাৰ সময়ত যেতিয়া আপুনি বেছি ওখ গাৰু ব্যৱহাৰ কৰে তেতিয়া ৰাজহাড়ৰ পজিচন বেঁকা অৱস্থাত থাকে, যাৰ ফলত বিভিন্ন সমস্যা হ'ব পাৰে। এনেদৰে শুলে , শুই উঠাৰ পাছত শৰীৰত জঠৰতা আৰু পিঠিৰ বিষ হোৱা দেখা যায় । গতিকে এনে অৱস্থাত গাৰু অবিহনে শুলে আপোনাৰ শৰীৰৰ বাবে অধিক উপকাৰী কিয়নো ই আপোনাৰ ৰাজহাড় (মেৰুদণ্ড) আৰু মুৰৰ পজিচন পোন অৱস্থাত ৰাখে । এনেদৰে শুলে পিঠিৰ বিষো হোৱা দেখা নাযায় ।
2. মুখৰ চেহেৰা কোঁচ নাখায়
শোৱাৰ সময়ত অতি ফুলা আৰু কোমল ফেনৰ গাৰু ব্যৱহাৰ কৰা লোকসকলৰ মুখমণ্ডলত ছাল সোনকালে কোঁচ খোৱা দেখা যায়। ইয়াৰ কাৰণ হৈছে এনে গাৰু লৈ শুলে মুখত চাপ পৰে আৰু গাৰুৰ ওপৰত থকা ধুলি আৰু বেক্টেৰিয়া আদি ছালৰ ছিদ্ৰত সোমাই ছালৰ ক্ষতিসাধন কৰে। ই মুখমণ্ডলত শালমইনাৰ সমস্যাও সৃষ্টি কৰিব পাৰে। গতিকে আপুনি গাৰু অবিহনে শুৱলৈ চেষ্টা কৰাটো ভাল।
3. মূৰৰ বিভিন্ন অংশলৈ তেজৰ প্ৰবাহ অধিক হয়
গাৰুত শুলে আপোনাৰ মুৰটো আপোনাৰ হাৰ্টখনতকৈ ওপৰৰ স্থানত থাকে। মাধ্যাকৰ্ষণৰ (মহাকৰ্ষণ) বিপৰীতে তেজ উঠাবলৈ অধিক পৰিশ্ৰম লাগে, সেয়েহে গাৰু এটা লৈ শুৱাতকৈ গাৰু অবিহনে শুৱাটো অধিক ফলদায়ক, যাৰ ফলত মুৰৰ ওপৰৰ অংশলৈ তেজৰ প্ৰবাহ উন্নত হয়। ইয়াৰ ফলত আপোনাৰ টোপনিও অধিক আহে আৰু চুলিৰ বিকাশ ত্বৰান্বিত কৰে আৰু লগতে মানসিক চাপ আৰু উদ্বেগ দূৰ হয় । গতিকে আপুনি গাৰু অবিহনে শুৱলৈ চেষ্টা কৰাটো ভল । ই আপোনাৰ টোপনিও সম্পূৰ্ণ কৰিব আৰু পিছদিনা আপোনাক সতেজ অনুভৱ কৰাব।
4. মানসিক স্বাস্থ্য আৰু স্মৃতিশক্তি উন্নত কৰে
ওপৰত উল্লেখ কৰাৰ দৰে, গাৰু অবিহনে শুলে মূৰলৈ তেজৰ প্ৰবাহ বৃদ্ধি হয়। আপোনাৰ মানসিক স্বাস্থ্য ইয়াৰ দ্বাৰা লাভান্বিত হয়। গাৰু অবিহনে শুই থকা লোকসকলৰ স্মৃতিশক্তি ভাল আৰু মানসিক ভাৰসাম্যও থিক থাকে।
5. অনিদ্ৰা সমস্যাৰ পৰা মুক্তি
গাৰু অবিহনে শুলে অনিদ্ৰা সমস্যাত ভূগি থকা লোকসকলৰ বাবে উপকাৰী হ'ব পাৰে কিয়নো গাৰু অবিহনে শুলে মানসিক চাপ হ্ৰাস হয় আৰু টোপনি গভীৰ হয়। সৰুৰে পৰা গাৰু লৈ শুৱা অভ্যাসৰ বাবে কিছু লোকৰ প্ৰাৰম্ভিক অৱস্থাত বিনা গাৰু শুৱাটো অসুবিধা হ'ব পাৰে কিন্তু যেতিয়া আপুনি গাৰু অবিহনে শুবলৈ অভ্যাস কৰে,কেইদিনমানৰ পিছতেই আপুনি আৰাম অনুভৱ কৰা আৰম্ভ কৰিব ।
এনেদৰে, আপুনি গাৰু অবিহনে শুলে আপোনাৰ শৰীৰৰ হবলগীয়া আন বহুতো ক্ষতিৰ পৰা ৰক্ষা পাব পাৰে। অৱশ্যে, যদি আপুনি গাৰু এটা নলৈ শুৱ নোৱাৰে , যিমান পাৰে সিমান কম উচ্চতা গাৰু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."(স্পষ্টিকৰণ
: এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবে লিখা হৈছে। ই কোনো ধৰণৰ ঔষধ বা
চিকিৎসা কৰাৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ
সৈতে যোগাযোগ কৰক।)
No comments:
Post a Comment