২২ তাৰিখৰ পৰা ষাঁঠ। কি কি নিয়ম মানিব লাগে জানি থওক । Traditional beliefs associated with Assamese Culture - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, June 19, 2021

২২ তাৰিখৰ পৰা ষাঁঠ। কি কি নিয়ম মানিব লাগে জানি থওক । Traditional beliefs associated with Assamese Culture

অসমৰ কৃষিজীৱী সমাজত বিশেষকৈ হিন্দু ধৰ্মৰ প্ৰভাৱ থকা সমাজত ষাঁতৰ বিশেষ গুৰুত্ব আছে । ষাঁঠ (সাঠ) বা সাত বিশেষকৈ জেঠৰ শেষ আৰু আহাৰ মাহৰ আদি ভাগত মুঠতে সাতদিন ধৰি চলে । 
Traditional beliefs associated with Assamese Culture
গঞা সমাজত ষাঁঠৰ লগত সাতদিন জোৰা বৰষুণৰ সোঁতা আৰু বানপানীৰ সম্বন্ধ আছে । ষাঁঠৰ সোঁতা বুলিলে ধাৰাবাহিক কিনকিনীয়া বৰষুণৰ বতৰ বুজায় । অসমীয়া কৃষিজীৱি সমাজে
ষাঁঠ (সাঠ) বা সাতৰ সময়ত কেতবোৰ ধৰা বন্ধা নিয়ম পালন কৰি আহিছে।  পৰম্পৰাগতভাৱে চলি অহা নিয়মবোৰ হ’ল–  

১) পৃথিৱী ৰজঃস্বলা হোৱা হেতু সেই চাৰিদিন কৃষকসকলে পথাৰত হাল নাবায় । বীজ ৰোপন কাৰ্যও বন্ধ কৰি ৰাখে । 
২) মাটি খন্দা , কোৰ মৰা আদি কামৰ পৰা বিৰত থাকে ।আহাৰ মাহত সাত লাগিলে মোৰ আয়ে মাটি খান্দিব নিদিয়ে বুলি গানৰ কলি এটিও আছে।
৩) ভঁৰাল ঘৰ নুচুৱে বা ভঁৰালঘৰৰ পৰা ধান নানে । 
৪) মাটিত পৰা বস্তুও বহুত লোকে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ।
৫) ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰহে গ্ৰহণ কৰে । 
৬) হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ-মন্দিৰ আদিত প্ৰৱেশ নকৰে ।
৭) পূজা-পাতল কৰা , চাকি-বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয় কাম-কাজৰ পৰা আতৰত থাকে ।
৮) অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা -উৰা নকৰে । 
৯) আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী , পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷ 
১০) আমতিৰ সময়ত শিপিনী সকলে শালত নবহে ।
১১) আমতি ভাঙাৰ পিছত ৰন্ধা-বঢ়া কৰা কেৰাহিবোৰ জুইৰে পুৰি কাজল নাইকীয়া কৰা হয়। আন সকলো বস্তু যেনে চৰু-হাৰি , ঢাৰি-পিৰা আনকি গচা , তামোল খুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয় ।
১২) ঘৰ-কাঠী আলতীয়া মাটিৰে মুঁচি-কাচি তাৰ পিছত ঘৰৰ তিৰোতা মানুহে গা-পা ধুই সকলো ফালে পানী চটিয়াই শুধ কৰে। এৱাঁ গাখীৰত সোণ-ৰূপ জোবোকা মাৰি দুবৰিৰে চটিয়াই শুধ কৰে । ঘৰ-চোতালবোৰ গোবৰ পানী চটিয়াই শুধ কৰে

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

১৩) ষাঁঠৰ লগত জড়িত নাৰীসকলৰ আছুতীয়া উৎসৱ হ’ল বৰাত (বৰত) বা ব্ৰত । এই সময়ত উৰুলি জোকাৰেৰে পানীৰ তলৰ পৰা বোকামাটি তুলি আনি নামনি অসমৰ অঞ্চল বিশেষত সধৱা তিৰোতাসকলে বৰাত পূজা বা ব্ৰত উৎসৱ পালন কৰে । 
১৪) সন্ন্যাসী , ব্ৰতী , ব্ৰহ্মচাৰী , ব্ৰাহ্মণ আৰু বিধৱাসকলে এই চাৰিদিন ৰন্ধা বা সিজোৱা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকে । এই কেইদিনত সন্ধ্যা উপাসনা , পূজা-পাতল আদিও নিষেধ ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/06/traditional-beliefs-associated-with.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
(স্পষ্টিকৰণ : এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবে লিখা হৈছে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসা কৰাৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।)
 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close