কৰোনা কালত তেজপাতৰ চাহ খোৱাৰ 9 টা লাভালাভ, বিশেষজ্ঞই কি কয় জানক । 9 Benefits Of Tejpatta Or Bay Leaves Tea - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 7, 2021

কৰোনা কালত তেজপাতৰ চাহ খোৱাৰ 9 টা লাভালাভ, বিশেষজ্ঞই কি কয় জানক । 9 Benefits Of Tejpatta Or Bay Leaves Tea

9 Benefits Of Tejpatta Or Bay Leaves Tea

আজিলৈকে আপুনি নিশ্চয় তুলসী পাতৰ চাহ, নেমুৰ চাহ, জালুক চাহ আদি নিশ্চয় খাইছে, কিন্তু আপুনি কেতিয়াবা তেজপাতৰ চাহ পাইছেনে? যদি নাই পোৱা, তেন্তে আজি আমি আপোনাক  তেজপাতৰ চাহ বনোৱাৰ পদ্ধতিৰ লগতে ইয়াক সেৱন কৰাৰ ফলত হবলগীয়া লাভালাভবোৰৰ বিষয়ে জনাম । তেজপাতত ভিটামিন চি, লো, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আদিৰ দৰে বহুমূলীয়া গুণ পোৱা যায় । এই চাহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপোনাৰ টোপনি নাইবা হজমৰ সমস্যা আছে তেন্তে তেজপাতৰ চাহ অৱশ্য়েই সেৱন কৰক । 

bay leaf benefits

তেজপাতৰ চাহ কিদৰে প্ৰস্তুত কৰিব Bay Leaves Tea Recipe

  • পোনপ্ৰথমে পানী গৰম কৰক। 
  • পানীত দুইৰ পৰা তিনিটা তেজপাত দি উতলাওক। 
  • সোৱাদ অনুসৰি চেনী যোগ দিয়ক। 
  • ইয়াৰ পাছত কুহুমীয়া হ'লে ইয়াক পান কৰক।  

তেজপাত চাহৰ লাভালাভসমূহ Bay Leaves Tea Benefits

1. মাইগ্ৰেইন(মাথা বিষ) আৰোগ্য হয় - মাইগ্ৰেইনৰ সমস্যাত ভূগি থকা লোকসকলে তেজপাতৰ চাহ খাব পাৰে। মাইগ্ৰেইনৰ চিকিৎসাত ই অতি উপকাৰী।   

2. হজমত সহায় কৰে - কৰোনা কালত এতিয়া মানুহে কিছু খাদ্য উন্নত খাবলৈ চেষ্টা কৰিছে যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তি থাকে । কিন্তু তাৰ আগতে অধিকাংশ লোকেই জাংক ফুডপ্ৰিয় আছিল যাৰ ফলত তেওঁলোক হজম সমস্যাৰ সম্ভাৱনা অধিক আছিল। তেজপাতত এটা এনজাইম থাকে যিয়ে  প্ৰ'টিনবোৰ ভাঙি হজমৰ সমস্যাৰ পৰা সকাহ দিয়া কাম কৰে ।

3. অনিদ্ৰা দূৰ কৰে -  কৰোনাৰ চিন্তাত বহু লোকৰে নিদ্ৰা হৰণ হৈছে । আনকি যিসকল কভিড পজিটিভ নহয় তেওঁলোকৰো একাংশই ভয়ে ভয়ে জীয়াই আছে। যদি আপুনি তেজপাতৰ চাহ খায়, তেন্তে ই আপোনাক টোপনি যোৱাত সহায় কৰিব। এই চাহ খালে যথেষ্ট ভাল টোপনি অহা দেখা যায় । নিয়ুট্ৰিচিয়ানসকলৰ মতে দিনে দুকাপ তেজপাতৰ চাহ খোৱাটো উপকাৰী। 

4. টাইপ 2 ডায়েবেটিচ হ্ৰাস কৰে -  টাইপ 2 ডায়বেটিচ যেন আজিকালি প্ৰায় মানুহৰে এটা সচৰাচৰ সমস্যা হৈ পৰিছে। এই সমস্যাটোৰ নিৰাময় আপোনাৰ পাকঘৰতেই আছে। তেজপাতৰ চাহে টাইপ 2 ডায়বেটিচ হ্ৰাস কৰাত সহায় কৰে। 

5. ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে - আজিকালি, যিকোনো কাৰণতেই মানুহৰ ব্লাড প্ৰেচাৰ বৃদ্ধি হয়। এনে পৰিস্থিতিত, তেজপাতৰ চাহ তেওঁলোকৰ বাবে এক ৰামবাণ নিৰাময় হব পাৰে । তেজপাতৰ চাহে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। 

6. ঘা শুকোৱাৰ সহায় কৰে - তেজপাতৰ চাহে ঘাঁ নিৰাময় কৰাত সহায় কৰে । লগতে ই এণ্টিঅক্সিডেণ্ট কাৰ্যকলাপ, বেক্টেৰিয়া-প্ৰতিৰোধী কাৰ্যকলাপ, এণ্টিভাইৰেল কাৰ্যকলাপ, ভেঁকুৰ-ৰোধী কাৰ্যকলাপতো যথেষ্ট সহায় কৰে । 

7. সতেজতা অনুভৱ কৰায় - তেজপাতৰ চাহে আপোনাক আৰাম দিয়ে। নিয়ুট্ৰিচিয়ানসকলৰ  মতে তেজপাতত লীনাউল নামৰ এটা যৌগ থাকে যিয়ে উদ্বেগ হ্ৰাস কৰাত সহায় কৰে । গতিকে তেজপাতৰ চাহ খোৱাৰ বহুতো লাভালাভ আছে। 

8. কোভিডত সহায়ক - কোভিডত আক্ৰান্ত লোকসকলক ভিটামিন চি সমৃদ্ধ বস্তু খাবলৈ উপদেশ দিয়া হয় । আনহাতে তেজপাততো ভিটামিন চি থাকে, যি কোভিড ৰোগীৰ বাবে উপকাৰী। বহুতো মানুহে তেজপাতৰ ভাপো লৈ থকা দেখা গৈছে । তেজপাতৰ চাহ এণ্টিভাইৰেল। 

9. চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে -  তেজপাতৰ চাহ খালে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত থকা phytochemicals polyphenol আৰু essential oilsৰ বাবে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় হয়। 

এইদৰে তেজপাত বহু গুণেৰে পৰিপূৰ্ণ। এই চাহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু তেজপাতৰ চাহ প্ৰতিদিনে মাত্ৰ একৰ পৰা দুই কাপহে খাব লাগে, অত্যাধিক পান কৰিলে পেট বেয়া হ'ব পাৰে।
আমাৰ লিখনিটো কেনে পালে জনাব । যদি সময়োপযোগী বুলি ভাবে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্নেয়াৰে আমাক এনে লিখনি প্ৰস্তুত কৰাত অনুপ্ৰেৰণা যোগাব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/9-9-benefits-of-tejpatta-or-bay-leaves.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close