নাক বন্ধ হয় নেকি ? অতি সহজে ঘৰুৱা উপায়ৰে বন্ধ নাক খোলাৰ উপায় । How to Clear a Stuffy Nose - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 30, 2021

নাক বন্ধ হয় নেকি ? অতি সহজে ঘৰুৱা উপায়ৰে বন্ধ নাক খোলাৰ উপায় । How to Clear a Stuffy Nose

How to Clear a Stuffy Nose

ঠাণ্ডাৰ দিনত নাইবা এতিয়া ধুলি উৰাৰ বতৰত নাকৰ বন্ধৰ সমস্যা প্ৰায় মানুহৰ সৈতে দেখা যায় । কিন্তু আটাইতকৈ বেছি সমস্যাটো তেতিয়া হয় যেতিয়া আপোনাৰ নাক বন্ধ হোৱাৰ বাবে উশাহ লবলৈ কষ্ট অনুভৱ কৰে । এনে সময়ত নাক বন্ধ হোৱাটো আটাইতকৈ গুৰুতৰ সমস্যা যেন লাগে। কিন্তু আজিৰ পৰা আপুনি আৰু এনে সমস্যা নহ'ব, কিয়নো আজি আমি আপোনাক বন্ধ নাক খুলিবলৈ কেইটামান সহজ উপায়ৰ বিষয়ে জনাম -
Clear a Stuffy Nose

1. Exercise

বন্ধ নাক খোলাৰ এটা সহজ উপায় হৈছে এটা সৰু ব্যায়াম। হয়, এই ব্যায়ামৰ বাবে আপুনি নাক বন্ধ কৰি মূৰটো পিছপালে বেঁকা কৰি দিব লাগিব আৰু কিছু সময়ৰ বাবে উশাহ বন্ধ কৰি থব লাগিব। তাৰ পিছত পুন: চিধা হৈ নাক খুলি উশাহ লব। আপুনি এই পদ্ধতিটো কেইবাৰমান পুনৰাবৃত্তি কৰিলে নাক খোল খাই পৰিব ।

2. Hot Water

এই পদ্ধতিটো যথেষ্ট পুৰণি আৰু কাৰ্যকৰী, যি লগে লগে আপোনাক সকাহ দিয়ে। ইয়াৰ বাবে, আপুনি কেৱল গৰম পানীত অলপ সুগন্ধি তেল যিটো আপোনাৰ ভাল লাগে মিহলি কৰিব লাগে । নহলে আপুনি কিছু টোপাল আয়ডিন বা ভিকচৰ কেপচুলো যোগ কৰিব পাৰে। এতিয়া পাত্ৰটোৰ সন্মুখীন গৈ নাকৰে সেই গৰম পানীৰ ভাপ লওক । ই নাক খোলাৰ লগতে চৰ্দিৰ পৰাও আৰাম দিয়ে ।    

3. Hot Water

চৰ্দিৰ বাবে যদি আপোনাৰ নাক বন্ধ হোৱাৰ সমস্যাই দেখা দিছে তেন্তে পাতল গৰম বা কুহুমীয়া গৰম পানীয়েও আপোনাক যথেষ্ট সহায় কৰিব পাৰে। আপোনাৰ মূৰটো পিছফাললৈ বেকা কৰি ড্ৰপাৰৰ সহায়ত নাকৰ ফুটাত কেইটামান টোপাল পাতল গৰম বা কুহুমীয়া গৰম পানী ঢালি দিয়ক। অলপ সময়ৰ পিছত মূৰটো ছিধা কৰি পানীখিনি উলিয়াই দিয়ক । বন্ধ নাক খোল খাব ।

4. Coconut Oil

বন্ধ নাক খোলাৰ বাবে নাৰিকল তেল হৈছে এক উৎকৃষ্ট উপায়। যেতিয়াই আপোনাৰ নাক বন্ধ হয়, আঙুলিৰে নাকৰ ভিতৰ ভাগত নাৰিকল তেল প্ৰয়োগ কৰক নাইবা নাকত কেইটামান টোপাল নাৰিকল তেল ধালি গভীৰভাৱে উশাহ লওঁক। আপোনাৰ বন্ধ নাক অলপ সময়ৰ ভিতৰতে খুলিব। মনত ৰাখিব যে পনীয় নাৰিকল তেলহে প্ৰয়োগ কৰিব ।

5. Camphor

কপুৰৰ সুগন্ধিও বন্ধ নাক খোলাৰ এটা ভাল উপায়। আপুনি বিচাৰিলে কপুৰক নাৰিকল তেলেৰ সৈতে মিহলাই গোন্ধ লব পাৰে বা আনকি এটা সাধাৰণ কাপুৰেও আপোনাক উপকৃত কৰিব। ইয়াৰ উপৰিও, নাকত উষ্ণতা দি বন্ধ নাক সহজে খুলিব পাৰি।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

6. Salt

MyUpchar নামৰ স্বাস্থ্য সম্বন্ধীয় ৱেৱচাইটোৰ অনুসৰি, বন্ধ নাক খুলিবলৈ নিমখৰ ব্যৱহাৰ কৰিব পাৰি। প্ৰাপ্তবয়স্কয়েই হওক বা শিশুৱেই হওক, নিমখ ইয়াৰ বাবে এটা ভাল ঘৰুৱা প্ৰতিকাৰ হ'ব পাৰে। এই পদ্ধতিৰ বাবে দুই কাপ গৰম পানী লওক আৰু আধা চামুচ নিমখ মিহলাই দি ভালদৰে মিহলি কৰক। তাৰ পিছত ড্ৰপাৰৰ সহায়ত কেইটুপালমান ড্ৰপ নাকত যোগ দিয়ক। এই প্ৰক্ৰিয়াটো দৈনিক এবাৰ বা দুবাৰ পুনৰাবৃত্তি কৰক কিয়নো নিমখে শ্লেষ্মা ঢিলা কৰাত সহায় কৰিব। ই উশাহ লোৱাটো সহজ কৰিব কিয়নো ই নাকৰ পথবোৰ পৰিষ্কাৰ কৰে।


 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/how-to-clear-stuffy-nose.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close