বাদামৰ কিছুমান আচৰিত গুণ Peanuts (Mungfali) Benefits
বাদাম (Peanuts) হৈছে শীতকালৰ আটাইতকৈ জনপ্ৰিয় টাইমপাছ খাদ্য । ঠাণ্ডা দিনত বন্ধু. প্রেমিক নাইবা আপোন জনৰ সৈতে বহি বাদাম খোৱাৰ মজাই বেলেগ । বাদামৰ নিজস্ব এক মিঠা সোৱাদ আছে, কিন্তু বহু কম লোকে ইয়াৰ স্বাস্থ্যৰ উপকাৰীতা(Health benefits)ৰ বিষয়ে জানে । বেছিভাগ লোকে ইয়াক সোৱাদৰ বাবে খায়, কিন্তু ইয়াৰ লাভালাভবোৰ জানি আপুনিও হতভম্ব হ'ব। বাদামৰ স্বাস্থ্য গুণৰ ভাণ্ডাৰ আছে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন(Protein) থাকে যি শাৰীৰিক বিকাশৰ বাবে অতি অত্যাৱশ্যকীয়। এটা কণীৰ দামত অহা বাদামৰ পৰিমাণত কণীতকৈ বহু গুণ অধিক প্ৰ'টিন থাকে। যদি আপুনি গাখীৰ(Milk) খাব নোৱাৰে তেন্তে বাদাম গ্ৰহণ কৰক, ই এক ভাল বিকল্প (Alternative)।
পঢ়ক - জানক জালুক চাহৰ আচৰিত উপকাৰীতাসমুহ
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
বাদামৰ স্বাস্থ্যকৰ গুণসমূহ
প্ৰতিদিনে ৰঙা বাকলিৰ সৈতে অতি কমেও 20 টা বাদাম খাওক আৰু তলত দিয়া ধৰণৰ লাভসমূহ পাওক
- বাদামত তেলৰ অংশ থকাৰ বাবে ই পেটৰ ৰোগ হ্ৰাস কৰে। ইয়াৰ নিয়মীয়া গ্ৰহণে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। লগতে, গেছ আৰু এচিডিটিৰ সমস্যাও উপশম হয়।
- ভিজা কাহত বাদাম উপযোগী। ইয়াৰ নিয়মীয়া গ্ৰহণে পাকস্থলী আৰু হাঁওফাঁও শক্তিশালী কৰে। পাচন শক্তি বৃদ্ধি কৰে আৰু ভোক নালাগা সমস্যাও উপশম কৰে।
- গৰ্ভৱতী মহিলাই নিয়মীয়াকৈ বাদাম গ্ৰহণ কৰাও অতি ভাল। ই গৰ্ভধাৰণ অৱস্থাত কেঁচুৱাৰ বিকাশত সহায় কৰে।
- বাদামত যথেষ্ট পৰিমাণে অমেগা-6 চৰ্বি পোৱা যায়, যি স্বাস্থ্যকৰ কোষ আৰু ভাল চালৰ বাবে দায়বদ্ধ। সেয়েহে, বাদাম চালৰ বাবে অতি লাভজনক।
- বাদামে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে সপ্তাহত পাঁচ দিন কেইটামান বাদাম খালে হৃদৰোগৰ আশংকা হ্ৰাস পায় ।
- যদি খানা খোৱাৰ পিছত দৈনিক 50 বা 100 গ্ৰাম বাদাম খোৱা হয় স্বাস্থ্য মজবুট হয় লগতে খাদ্য হজম হয় আৰু শৰীৰত কোনোধৰণৰ তেজৰ হ্ৰাস নহয় ।
- বাদামত প্ৰ'টিন, লাভজনক চৰ্বি,ফাইবাৰ, খনিজ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে, ই বয়স হলেও চাল সতেজ কৰি ৰাখে ।
- বাদামৰ যথেষ্ট পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন ডি থাকে, সেয়েহে ইয়াৰ সেৱনে হাড় শক্তিশালী কৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
- এটা গৱেষণা অনুসৰি, প্ৰতি সপ্তাহত এমুঠি বাদাম খোৱাৰ ফলত এপেণ্ডেচিটিছৰ বিপদাশংকা 25 শতাংশ হ্ৰাস কৰে। এই অধ্যয়নটো 80,000 মহিলাৰ ওপৰত কৰা হৈছিল।
No comments:
Post a Comment