জালুক দিয়া চাহ খায়নে আপুনি ? জানক জালুক চাহৰ আচৰিত উপকাৰীতাসমুহ । Back Pepper tea Benefits 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, January 7, 2021

জালুক দিয়া চাহ খায়নে আপুনি ? জানক জালুক চাহৰ আচৰিত উপকাৰীতাসমুহ । Back Pepper tea Benefits 2021

জালুক বা গুল মৰিছ সাধাৰণতে মচলাৰ ৰাণী বুলি গণ্য কৰা হয়, যি গ্ৰহণ কৰিলে কেৱল খাদ্যৰ সোৱাদ সলনি কৰাই নহয় স্বাস্থ্যও সুস্থ কৰি ৰাখে। জালুকে খাদ্যত এটা বিশেষ জ্বলাৰ সৃষ্টি কৰে । যদি আপুনি জালুক বা গুল মৰিছৰ চাহ পান কৰে, তেন্তে ঋতুকালীন ৰোগ যেনে চৰ্দি-জ্বৰ, কাহ আদিৰ পৰা মুক্তি লাভ কৰিব পাৰে। কেৱল সেইটো নহয়, পিপাৰ জালুক চাহ খালে পেট সদায় ঠিক হৈ থাকে ।
Black pepper health benefits

আজি, আমি আপোনালোকক জালুক চাহ কেনেদৰে প্ৰস্তুত কৰিব লাগে শিকাম লগতে ইয়াৰ লাভালাভৰ বিষয়েও আলোচনা কৰিম। কিন্তু তাৰ আগতে, দিনত কিমান জালুক খাব লাগে যাতে ই ক্ষতি নকৰে সেইতো জানি লোৱাটো দৰকাৰ। প্ৰতি দিনত আপুনি 500 মিগ্ৰাৰ পৰা 1 গ্ৰাম জালুক খাব পাৰে।

জালুক চাহ খোাৰ লাভালাভসমূহ

জালুকত বিভিন্ন ধৰণৰ এণ্টিবেক্টেৰিয়া আৰু প্ৰদাহ প্ৰতিৰোধী থাকে যি স্বাস্থ্যৰ সমস্যা উপশম কৰাত সহায় কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দৈনিক চাহত জালুক খোৱাৰ বহুতো লাভালাভ আছে। আমি আজি আপোনাক সেইবোৰৰ বিষয়ে কিছু তথ্য জনাম । 
  • - জালুকত পিপৰিন নামৰ এবিধ পদাৰ্থ পোৱা যায় যিয়ে চৰ্দি-কাহ আৰু জ্বৰ হলে উপশম কৰাত সহায় কৰে।
  • - জালুক চাহ খোৱাটো নাকৰ চাইনাচ ইনফেকচনৰ বাবেও লাভজনক।
  • - জালুক দিয়া চাহে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে ।
  • - পেটৰ সমস্যাতো জালুক চাহ অতি উপযোগী। জালুক চাহ খোৱাৰ ফলত পাকস্থলীত হাইপোচোলিক এচিড উৎপন্ন হয় যিবোৰে পেট-ফুলা, কোষ্ঠকাঠিন্য আৰু অন্যান্য পেটৰ সমস্যাৰ পৰা  ৰেহাই দিয়াত সহায় কৰে ।
  • - জালুক চাহ খোৱাৰ কেন্সাৰ ৰোগৰ দৰে গুৰুতৰ ৰোগৰ বাবেও লাভজনক বুলি প্ৰমাণিত হৈছে। ইয়াত থকা পাইপাৰেইন আৰু এণ্টিঅক্সিডেণ্টে শৰীৰত কৰ্কট ৰোগ হোৱাত বাধা প্ৰদান কৰে । একে সময়তে, জালুক চাহ খোৱাৰ ফলত স্তন কেন্সাৰৰ পৰাও উপকাৰ হয়।

    স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

  • -  জালুক চাহ পান খালে মস্তিষ্কৰ কাৰ্য ত্বৰান্বিত কৰে। ইয়াৰ দ্বাৰা হতাশা (মেন্টেল ডিপ্ৰেচন) আদিৰ পৰাও ৰক্ষা পোৱাত সহায় কৰে।
  • - জালুকত থকা অৰ্থৰোইডবোৰেও আমাৰ গাঁঠিৰ বিষ হ্ৰাস কৰাত সহায় কৰে।
  • - জালুক চাহৰ পৰা মুখ সম্বন্ধীয় সমস্যাৰ পৰাও আৰাম পোৱা যায় । ইয়াৰ দ্বাৰা মূখৰ পৰা অহা দুৰ্গন্ধও হ্ৰাস হয়। লগতে দাঁতও শক্তিশালী হৈ থাকে।

জালুক চাহ কিদৰে প্ৰস্তুত কৰিব

প্ৰথমে এক কাপ পানী উতলাই দিয়ক। আধা সৰু চামুচ জালুক পাউডাৰ যোগ দিয়ক। আপুনি ইয়াত আদাৰ ৰস যোগ দিব পাৰে। ইয়াক 2-3 মিনিটৰ বাবে উতলাই দিয়ক। তাৰ পিছত চাকি মধু মিহলি কৰক আৰু ইয়াক দিনত দুবাৰকৈ সেৱন কৰক। 

পঢ়ক - জানক বাদামৰ আপুনি নাজানা কিছুমান আচৰিত গুণ ।

সতৰ্কতা: যিসকসকলৰ পিত্ত শৰীৰত প্ৰতি সময়ত বাঢ়ি থাকে তেঁওলোকে জালুক দিয়া চাহ সেৱন কৰাৰ আগত সাৱধান হোৱা উচিত কিয়নো জালুকে পিত্ত ৰস উৎপন্ন কৰাৰ কাম কৰে । আলচাৰ, শৰীৰৰ অংশ ফুলা, চালৰ চোকোৰা আৰু পিত্তৰ সমস্যা থকা লোকসকলে কমকৈ জালুক চাহ খাব লাগে, নহলে সমস্যা বৃদ্ধি হ'ব পাৰে।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/01/back-pepper-tea-benefits-2021.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close