আধুনিক জীৱনশৈলীৰ বাবে আজি আমাৰ ডাইনিং টেবলুত বহি খাদ্য খোৱা এক ধাৰাত বা অভ্যাসত পৰিণত হৈছে । কিন্তু অতীতত, মানুহে মাটিত বহি আহাৰ গ্ৰহণ কৰিছিল । আজিকালি মানুহে মাটিত বহি খোৱাটো পুৰণি বিচাৰধাৰা বুলি বিবেচনা কৰে। কেৱল সেইটোৱেই নহয়, মানুহে মাটিত বহি খাদ্য খোৱাত লাজো অনুভৱ কৰে। কিন্তু আপুনি জনা উচিত যে মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বিভিন্ন লাভ হয় । কাৰণ আমি মাটিত বহোতে যিদৰে এখন ভৰি আনখন ভৰিৰ ওপৰত থৈ বহো , সেইটো হৈছে এটা আসনৰ ভঙ্গী। এই ভঙ্গীত খাদ্য খোৱাৰ ফলত খাদ্যৰ সম্পূৰ্ণ লাভ হয় আৰু হজম শক্তিও উন্নত হয়।
মাটিত বহি খাদ্য খোৱাৰ লাভালাভ
মাটিত বহি খাদ্য খোৱাৰ লাভালাভবোৰ জানি লও আহক -
1. মাটিত বহি খাদ্য খালে শৰীৰ শক্তিশালী কৰে। এই ভঙ্গীত বহি খাদ্য খালে তল পিঠি আৰু পেটৰ চাৰিওফালে পেশীবোৰ টান হয়। যাৰ ফলত বিষৰ সমস্যাৰ পৰা আৰাম পোৱা যায় ।
2. মাটিত বহি খোৱাৰ সময়ত আপোনাৰ হজম প্ৰক্ৰিয়া প্ৰাকৃতিক স্থিতিত থাকে । ফলত পাচন ৰসবোৰে ভালদৰে কাম কৰিব পাৰে।
3. যেতিয়া পৰিয়ালৰ সকলো সদস্য একেলগে মাটিত বহি আহাৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ মাজৰ সম্পৰ্কও শক্তিশালী হৈ পৰে। আৰু এইদৰে গ্ৰহণ কৰা খাদ্যৰ সোৱাদো দুগুন হৈ পৰে ।
4. মাটিত বহি খাদ্য খালে ওজনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
5. মাটিত বহি খাদ্য খালে কেৱল খানা খোৱাই নহয় এক আসনৰ ভঙ্গীতো থকা যায় । এই আসনৰ ভঙ্গীতোৱে আপোনাক শান্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ দ্বাৰা মেৰুদণ্ডৰ হাড়ডালেও আৰাম লাভ কৰে ।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
6. মাটি বহি খানা খোৱাৰ ফলত তেজৰ সঞ্চালন উন্নত হয় যিয়ে আমাৰ হৃদযন্ত্ৰটো স্বাস্থ্যকৰ ৰখাত সহায় কৰে । যদি আপুনি হৃদৰোগী, আপুনি আজিৰ পৰাই বহি খাদ্য খোৱা আৰম্ভ কৰিব লাগে। যেতিয়া আপোনাৰ হৃদযন্ত্ৰ, শৰীৰ আৰু পেশী স্বাস্থ্যকৰ হৈ থাকে, আপোনাৰ শৰীৰত তেজৰ সঞ্চালন আপোনাৰ সুসময়ৰ বাবে সম্পূৰ্ণনিশ্চিত হয়।
7. মাটিত বহি খানা খোৱাই আপোনাৰ গোটেই শৰীৰটো স্বাস্থ্যকৰ কৰি ৰাখে, পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি ৰাখে ।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
It is specially a sunnat also.
ReplyDeleteThanks.