কাৰেন্টৰ চৰ্ট খালে নাইবা চৰ্ট খোৱা মানুহক কিদৰে সহায় কৰিব । How to help person who get current shock - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, October 22, 2020

কাৰেন্টৰ চৰ্ট খালে নাইবা চৰ্ট খোৱা মানুহক কিদৰে সহায় কৰিব । How to help person who get current shock

কাৰেণ্টৰ চৰ্ট খাই  বহু লোকৰ মৃত্যু ঘটিছে। ইয়াৰ এটা মুখ্য কাৰণ হৈছে কাৰেন্টৰ চৰ্ট খোৱাৰ ঠিক পিছতে কিছু সতৰ্কতা গ্ৰহণ নকৰা আৰু ভুক্তভোগীজনক লগে লগে প্ৰাথমিক চিকিৎসা প্ৰাপ্ত নকৰা। যদি সেই সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰা হয়, ভুক্তভোগীজনক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি। বৈদ্যুতিক চৰ্ট খোৱাৰ পিছত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিবলৈ আপুনি যি কৰিব লাগিব সেইয়া আজি জনাম । যদি আপুনি ভাৱে এই টিপচসমূহ উপকাৰী তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।
Current Short khale ki kribo

1) পোনপ্ৰথমে আপুনি সহায়ৰ বাবে আগবাঢ়ি যোৱাৰ আগত নিশ্চিত কৰিব যে ভুক্তভোগীৰ চাৰিওফালে এনে বস্তু আছে নেকি যাৰ দ্বাৰা অতি সহজেই কাৰেন্ট পাৰ হৈ যায় । জনায় থও যে পানী বা লোহাৰ বস্তুৰে অতি দ্ৰুততাৰে কাৰেন্ট পাৰ হৈ যায়। গতিকে এনে বস্তু থাকিল পোনপ্ৰথমে নিজে সাৱধান হয় লওক ।


2) ব্যক্তিজনক কাৰেন্ট লাগি থকা বস্তুটোৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে পাৱাৰ অফ কৰক বা নাইবা বস্তুটো পৃথক কৰক। যদি আপুনি এনে কৰিব নোৱাৰে তেন্তে এখন কাঠৰ টোলত উঠি শুকান খৰি বা কাঠ এডোখৰ দি কাৰেন্ট লাগি থকা তাৰডাল বা ডিপভাইচটো মানুহজনৰ পৰা  পৃথক কৰিবলৈ চেষ্টা কৰক। ভুলতো ব্যক্তিজনক স্পৰ্শ নকৰিব, নহলে আপুনিও কাৰেণ্টৰ দ্বাৰাও চৰ্ট খাব পাৰে ।

3)ব্যক্তিজনক কাৰেন্টৰ পৰা পৃথক কৰাৰ পিছত তেঁওক ৰিকভাৰি পজিচনত শুৱাই দিয়ক । ৰিকোভাৰি পজিচন সাধাৰণতে ফাৰ্ৰষ্ট এড হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ বাবে ব্যক্তিজনৰ এটা হাত মুৰৰ তলত ৰাখিব লাগে আৰু আনটো সন্মুখৰ ফালে ৰাখিব লাগে । আনহাতে মানুহজনৰ এটা ভৰি পোন আৰু আনটো ভাঁজ কৰি ৰাখিব লাগে। (ফটোত দেখুৱা হৈছে) । এইদৰে ৰখাৰ পাছত মানুহজনক অলপ উঠাই পৰীক্ষা কৰক মানুহজনে উশাহ লয় আছে নে নাই ।


4) যদি ব্যক্তিজনে উশাহ লৈ আছে আৰু কাৰেন্টে চৰ্ট কৰা ঠাইডখৰ অলপ জ্বলি গৈছে তেন্তে ইয়াক পানীৰে ধুৱক। যদি মানুহজনৰ কোনো অংশ আঘাটপ্ৰাপ্ত হয় তেন্তে কেতিয়াও কম্বল দি ধাকি নিদিব ।


5) যদি ব্যক্তিজনৰ উশাহ নিশাহ লোৱাৰ কোনো ইঙ্গিত দেখা নাথাকে, আপুনি চিপিআৰ (কাৰ্ডিও পালমোনেৰী ৰিচটিটেচন) আৰম্ভ কৰা উচিত। এই প্ৰাথমিক চিকিৎসাই অচেতন বা অজ্ঞান ব্যক্তি এজনৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁও পুনৰ সক্ৰিয় অৱস্থালৈ লৈ আহে। যদি ব্যক্তিজনে উশাহ নিশাহ লৈ আছে, তেন্তে কেতিয়াও চিপিআৰ (কাৰ্ডিও পালমোনেৰী ৰিচটিটেচন) নকৰিব।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

চিপিআৰ কেনেদৰে দিব -

চিপিআৰৰ এটা পদ্ধতি হৈছে উশাহ দিয়া । আঘাতপ্ৰাপ্ত ব্যক্তিজনক উশাহ দিয়াৰ দুটা উপায় আছে- এটা 'মুখৰ পৰা মুখলৈ' উশাহ দিয়া আৰু আনটো 'মুখৰ পৰা নাকলৈ' উশাহ দিয়া । যদি ব্যক্তিজনৰ মুখখন বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু খুলিব নোৱাৰে, তেন্তে তেওঁৰ নাকত উশাহ দিয়ক। ব্যক্তিজনক অলপ ওপৰলৈ উঠাওক আৰু মুখেদি উশাহ দিয়াৰ আগতে ব্যক্তিজনৰ নাক বন্ধ কৰক। প্ৰথমে ব্যক্তিজনক এক ছেকেণ্ডৰ বাবে উশাহ দিয়ক আৰু  লক্ষ্য বুকুত ওপৰলৈ ফুলি উঠিছে নে নাই । যদি আপুনি ওপৰলৈ ফুলি উঠিছে তেন্তে আন এটা উশাহ দিয়ক। যদি ওপৰলৈ নাহে, তেনেহ'লে ব্যক্তিজনৰ আৰু অলপ উপৰলৈ উঠাই পুনৰ উশাহ দিয়ক । ব্যক্তিজনক অত্যাধিক বা জোৰে জোৰে উশাহ কেতিয়াও নিদিব।

Cardiopulmonary resuscitation in Assamese

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/how-to-help-person-who-get-current-shock.html

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close