অসম চৰকাৰে ভাতৃ দ্বিতীয়া(ভাই দোজ) উপলক্ষে মঙলবাৰে অৰ্থাৎ ২৯ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কৰিছে । সোমবাৰে অসমৰ ৭খন জিলাত স্থানীয় বন্ধ থকাৰ কথা ঘোষণা কৰে চৰকাৰে।
মঙলবাৰে স্থানীয় বন্ধ হবলগীয়া জিলাকেইখন বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথত বুলি ঘোষণা কৰিছে অসম চৰকাৰে। বন্ধ ঘোষণা কৰা আটাইকেইখন জিলাতে চৰকাৰী কাৰ্যালয়ৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানসমূহো বন্ধ থাকিব। ভাতৃ দ্বিতীয়া দেশৰ কেইবাটাও স্থানত শুক্ল পক্ষৰ দিনা পালন কৰা হয়।
ৰাখী বন্ধনৰ দৰে হিন্দু সকলৰ এটা পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া(ভাই দোজ) ত ভগ্নী সকলে নিজৰ ভাতৃৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি খুৱাই আৰু মংগল কামনা কৰে।
ৰাখী বন্ধনৰ দৰে হিন্দু সকলৰ এটা পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া(ভাই দোজ) ত ভগ্নী সকলে নিজৰ ভাতৃৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি খুৱাই আৰু মংগল কামনা কৰে।
No comments:
Post a Comment