পঢ়ক - শিক্ষামন্ত্ৰীৰ ঘোষণা "২০১৭ চনৰ পাছৰ ডিএলএড হব অবৈধ ! " বিপাঙত ছাত্ৰ-ছাত্ৰী ASSAM TET 2019 DELED OR BED - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, September 27, 2019

পঢ়ক - শিক্ষামন্ত্ৰীৰ ঘোষণা "২০১৭ চনৰ পাছৰ ডিএলএড হব অবৈধ ! " বিপাঙত ছাত্ৰ-ছাত্ৰী ASSAM TET 2019 DELED OR BED

টেট পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া! প্ৰতিদিনে সৃষ্টি হৈছে ন ন বিতৰ্কৰ। একাংশই আজি যদি ডিএলএড নোহোৱাকৈ হব বুলি কয় কালি আকৌ ডিএলএড বাধ্য়তামূলক বুলি কয় । শিক্ষাবিভাগেও নতুন নতুন নিৰ্দেশনা জাৰি কৰি বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক । 
মনকৰিবলগীয়া এই যে, এজন শিক্ষক হ’বলৈ বি এড বা ডি এল এড কৰাটো বাধ্যতামূলক। সেইবাবেই ১০ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড বা ডি এল এড কৰাটো বাধ্যতামূলক কৰিছিল ৰাজ্য চৰকাৰে। 

বিজ্ঞাপনত বি এড বা ডি এল এড সম্পূৰ্ণ কৰা নাইবা পঢ়ি থকাটো বাধ্যতামূলক বুলি জনাইছিল শিক্ষাবিভাগে । সেয়হে বহু ছাত্ৰ-ছাত্ৰীয়ে বি এড বা ডি এল এড পঢ়ি থকা বুলি অনলাইন আবেদনো কৰিছিল । কিন্তু শেহতীয়েকৈ টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আন এক বিশেষ মন্তব্যই দোমোজাত পেলাইছে ৰাজ্যৰ লাখ লাখ ডি এল এড কৰা শিক্ষাৰ্থীক। 
শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্য়মক জনোৱা অনুসৰি ২০১৭ চনলৈকেহে আছিল ODL/NIOS D.El.Ed ৰ গ্ৰহণযোগ্যতা। ২০১৭ চনৰ পিছত ডি এল এড কৰা শিক্ষাৰ্থীৰ ODL/NIOS D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব। ইফালে বৰ্তমানেও কিছুমান শিক্ষা প্ৰতিষ্ঠানে ODL/NIOS D.EL.EDৰলএডমিচন লৈ থকা বুলি শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰাত শিক্ষামন্ত্ৰীৰ মতে সেইবোৰ শিক্ষানুষ্ঠানে অবৈধ ভাবেহে বাহাল ৰাখিছে ডি এল এড পাঠ্যক্ৰম! তেনেবোৰ শিক্ষানুষ্ঠানৰ NIOS D.El.Edৰ প্ৰমাণ পত্ৰ কাৰ্যক্ষম নহয়!

NCTE ৰ মতে চৰকাৰী/বেচৰকাৰী বিদ্যালয়সমূহত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে ২০১৯ ৰ ভিতৰত D.EL.ED পাঠ্যক্ৰম পাঠ্যক্ৰম সমাপ্ত কৰিব লাগিব৷ আৰু কেৱল কৰ্মৰত শিক্ষকসকলেহে ODL ৰ দ্বাৰা D.EL.ED কৰিব পাৰে৷ আৰু ইতিমধ্যে ODL D.EL.ED ৰ পাঠ্যক্ৰম সমাপ্ত হৈছে৷ BACK DATE দেখুৱাই টকাৰে এদমিচন কিনি লোৱাসকলৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীৰ এইয়া এক উচিত প্ৰত্যুত্তৰ বুলি ভবা হৈছে ৷ লগতে REGULAR D.EL.ED কৰাসকলক শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ ভাষ্যত অলপো সাঙুৰি লোৱা নাই৷ গতিকে REGULAR সকল নিশ্চিত থাকক আৰু প্ৰস্তুতি চলাই থাকক৷

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close