মুখত ক'লা দাগ পৰা সমস্যা সমাধান : Dark spots on face removal tips in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, April 26, 2019

মুখত ক'লা দাগ পৰা সমস্যা সমাধান : Dark spots on face removal tips in Assamese

Dark spots on face removal tips মুখত ক'লা দাগ পৰা সমস্যা সমাধান :

মুখত ক'লা দাগ (Dark spots) পৰা সমস্যাৰ সৈতে আমি সকলোৱে চিনাকি। বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা প্ৰায়ে দেখা যায়। আজি প্ৰায়ে সন্মুখীন হোৱা এইবিধ ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সাধাৰণতে পুৰুষ মহিলা সকলোৰে এই সমস্যা হয় যদিও মহিলাসকলৰ এই সমস্যা বেছি হোৱা দেখা যায়।বৰ গুৰুতৰ শাৰীৰিক ৰোগ বুলি গণ্য কৰা নহয় যদিও মানুহৰ ৰূপ সৌন্দৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বাবে ই এক মানসিক অশান্তিৰ কাৰক হৈ পৰে।

Remove dark spots




Reason of dark spots

প্ৰায়ে মুখমণ্ডলত নাকৰ দুয়ো কাষে, কপাল, গালৰ উপৰ অংশ, মুখৰ মাজ অংশ আদিত দেখা যায় যদিও কেতিয়াবা ডিঙি আৰু হাতৰ কিলাকুটিৰ তলৰ অংশতো হোৱা দেখা যায়। মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ আমাৰ শৰীৰত থাকে যিয়ে ছালৰ, চুলিৰ আৰু আনকি চকুৰ ৰঙ নিৰ্ধাৰণ কৰে। যাৰ শৰীৰত মেলানিন বেছি থাকে তেওঁৰ ছালৰ বৰণ গাঢ় হয়। শৰীৰত থকা মেলানোচাইট নামৰ কোষ বিধে এই মেলানিন প্ৰস্তুত কৰে। ইউমেলানিন, ফিওমেলানিন, নিওৰমেলানিন আদি বিভিন্ন ধৰণৰ মেলানিন ই প্ৰস্তুত কৰে। এই পদাৰ্থবিধ প্ৰস্তুত হোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ শৰীৰটোক সূৰ্য্যৰ আলট্ৰা ভাইওলেট ৰশ্মিৰ পৰা ৰক্ষা কৰা।যেতিয়া মেলানিনৰ পৰিমাণ কোনো অংশত বেছি হয় তেতিয়া কলা বা মুগা ৰঙৰ দাগৰ সৃষ্টি হয়। সুশ্ৰুতে ক্ৰোধ আৰু অতি পৰিশ্ৰমৰ ফলত দূষিত হোৱা বাত দোষ, পিত্তৰ লগত যুক্ত হৈ এনে ধৰণৰ বিষহীন পাতল কলা দাগৰ উৎপত্তি কৰে বুলি বৰ্ণনা কৰিছে। গতিকে স্বাভাৱিকতে বুজা যায় যে শাৰীৰিক আৰু মানসিক সুস্থিৰতাৰ ওপৰত এই সমস্যাটো সম্পূৰ্ণ নিৰ্ভৰশীল। 

গতিকে, সঠিক আহাৰ বিহাৰ আৰু মানসিক ভাৱে প্ৰফুল্লিত হৈ থকাটো অতি জৰুৰী। অত্যধিক পৰিশ্ৰম কৰা, তেল মছলাযুক্ত পিত্ত বৰ্ধক খাদ্য গ্ৰহণ কৰা, খং, দুঃচিন্তা, নিদ্ৰাহীনতা, বিৰুদ্ধ অহাৰ গ্ৰহণ কৰা, ৰক্ত ধাতুৰ সঠিক পোষণ নোহোৱা আদি বিভিন্ন কাৰণত এই ৰোগৰ উৎপত্তি হয়।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

How to remove dark spots

আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত ঔষধি যোগ আৰু ঘৰুৱা উপায় কিছুমান সংক্ষেপতে তলত উল্লেখ কৰা হল-

আয়ুৰ্বেদত ৰক্ত শোধক, ৰক্ত প্ৰসাদক(যিয়ে ৰক্ত পোষণ কৰে) আৰু বৰ্ণ প্ৰসাদক দ্ৰব্যৰ ব্যৱহাৰ ইয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। চন্দন, লোধৰা, মঞ্জিষ্ঠা, বট, প্রিয়ংগু, হৰিদ্ৰা, বচা, সাৰিবা ইত্যাদি এনে ধৰণৰ দ্ৰব্য। এনেবোৰ দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ঔষধ সেৱনৰ দ্বাৰা এই সমস্যাৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত হব পাৰি। তাৰোপৰি এনে ধৰণৰ উপাদানেৰে তৈয়াৰী ৰক্তছন্দনাদি লেপ, মতুলঙ্গাদি লেপ, সিদ্ধাৰ্থকাদি লেপ, বৎপত্ৰাদি লেপ আদিৰ বাহ্যিক প্ৰয়োগৰ দ্বাৰাও অনেক সুফল পোৱা যায়।
☘️ঘৃতকুমাৰী(aloe vera)ৰ সতেজ ৰস 15 মিনিটমান লগাই গৰম পানীৰে ধুই দিব লাগে। ইয়াত থকা mucilaginous polysaccharides নামৰ পাদাৰ্থবিধে ছালৰ গাঢ় ৰঙ পাতল কৰাত সহায় কৰে। 
☘️5 চামুচ হালধি পাউদাৰ আৰু10 চামুচ গৰম গাখীৰ মিহলাই লৈ20 মিনিটমান সময় গৰম অৱস্থাতে মালিচ কৰি পিছত গৰম পানীৰে ধুই দিব লাগে। মালিচ কৰোতে ঘূৰণীয়া দিশত কৰিব।

লগতে পঢ়ক - মুখৰ লালতিৰ আচৰিত ঔষধি গুণ

☘️কমলাৰ সতেজ বাকলি বা গুৰি গাখীৰৰ সৈতে মিহলাই লেপ বনাই30 মিনিটমান সময় লগাই ৰাখি গৰম পানীৰে ধুব লাগে। 
☘️মূলা কাটি শুকাই গুৰি কৰি লব। 2 চামুচ গুৰি আৰু1 কাপ টেঙা দৈ ভালদৰে মিহলাই 30 মিনিট সময় লগাই ৰাখি কুহুমীয়া গৰম পানীৰে ধুব। সপ্তাহত এবাৰকৈ লগাব। 
☘️10 তা মান almond(আমি কাঠ বাদাম কওঁ) পিহি অলপ মৌৰ লগত মিহলাই লেপ বনাই লগাব লাগে। পিছত গৰম পানীৰে ধুব লাগে। 
☘️সতেজ নেমুৰ ৰসেৰে লাহে লাহে মালিচ কৰি 20 মিনিট মান পিছত গৰম পানীৰে ধুব লাগে। পাৰিলে দিনত দুবাৰকৈ লগাব লাগে। 
☘️এপল চিদাৰ ভিনেগাৰ(Apple cider vinegar) আৰু পানী সমান পৰিমাণে মিহলাই লৈ কেৱল দাগ পৰা অংশত লগাই বতাহত শুকাব দিব লাগে। শুকুৱাৰ লগে লগে পানীৰে ধুই শুকান পৰিষ্কাৰ টাৱেলেৰে মচিব লাগে। এইদৰে নিতৌ এবাৰকৈ লগাব লাগে। 


☘️2 চামুচ ওত মিল(oatmeal), 2 চামুচ গাখীৰ আৰু 2 চামুচ মৌ মিহলাই দাগ পৰা অংশত 5 মিনিট সময় ঘূৰণীয়া দিশত মালিচ কৰি 20 মিনিটমান লগাই থব লাগে। তাৰপিছত কুহুমীয়া গৰম পানীৰে ধুব লাগে। 
☘️এটা পকা মধুৰী আম আৰু এটা পকা কল ভালদৰে মিহলাই এটা লেপ বনাব লাগে। দাগ থকা অংশত20 মিনিটমান লগাই ৰাখি পানীৰে ধুই দিব লাগে। 
☘️সমান পৰিমাণৰ চন্দন পাউদাৰ, গাখীৰ, নেমুৰ ৰস আৰু হালধি পাউদাৰ মিহলাই এটা লেপ বনাব। এই লেপটো দাগবোৰৰ ওপৰত লগাই বতাহত নিজে নিজে শুকাব দিব। পিছত পানীৰে লাহে লাহে ধুই দিব । 
☘️পিয়াঁজৰ গুটিৰ লেপ বনাই15 মিনিটমান লগাই ৰাখি গৰম পানীৰে ধুই দিব লাগে। 
☘️তুলসীৰ পাতৰ লেপ বনাই 15 মিনিট লগাই গৰম পানীৰে ধুব লাগে। 
☘️ত্ৰিফলা চূৰ্ণৰ লেপ 15 মিনিট লগাই গৰম পানীৰে ধুব লাগে। 
🌻সুষম আহাৰ গ্ৰহণ কৰা উচিত। তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব পাৰিলে ভাল। 
🌻পানী সঠিক মাত্ৰাত সদায় খাব লাগে। 

মনৰ ইচ্ছাশক্তিক জাগ্ৰত কৰি আমি এনেবোৰ অভ্যাস গঢ় দিয়া উচিত যাতে এটি সুন্দৰ স্বাস্থ্যকৰ জীৱন লাভ কৰিব পাৰোঁ। 

#ডাঃ মৃণাল বৈশ্য প্ৰবক্তা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী হোৱাটছ এপ নম্বৰ 9613747425

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2019/04/dark-spots-on-face-removal-tips-in.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close