হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি শাওন মাহৰ এক বিশেষ গুৰুত্ব আছে। এই শাওন মাহটো ভগৱান শিৱক উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক উপাসনা কৰিলে মনোকামনা পূৰ হয় বুলি বিশ্বাস কৰা যায়। ভাৰতীয় হিন্দী কেলেণ্ডাৰ অনুসৰি শাওন মাহৰ প্ৰথমটো সোমবাৰ ২৬ জুলাই, ২০২১ত পৰে। ভাৰতীয় হিন্দু কেলেণ্ডাৰ অনুসৰি আজি দ্বিতীয় সোমবাৰ আৰু অসমীয়া কেলেণ্ডাৰ অনুসৰি আজি তৃতীয় সোমবাৰ ।
বিশ্বাস কৰা হয় যে যদি শাওন মাহৰ সোমবাৰত কিছুমান বিশেষ বস্তু ঘৰলৈ অনা হয় তেন্তে ভাগ্য সলনি হয়। ইয়াৰ ফলত এজন ব্যক্তিয়ে তেওঁ দীৰ্ঘদিন ধৰি বিচৰা সকলো বস্তু প্ৰাপ্ত কৰে। সেইবোৰৰ বিষয়ে আজি আমি আপোনাক জনাম -
গংগা জল- শাওন মাহৰ সোমবাৰে ঘৰলৈ গংগা পানী অনাটো যথেষ্ট শুভ বুলি গণ্য কৰা হয়। যদি গঙ্গাৰ পানী আনি পাকঘৰত ৰখা হয় তেন্তে ই ব্যক্তিজনৰ ভাগ্য সলনি কৰিব পাৰে আৰু ঘৰলৈ সুখ-সমৃদ্ধি আনিব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ সকলোৰে উন্নতিও হয়।
ৰুদ্ৰাক্ষ- শাওন মাহৰ সোমবাৰে যদি ঘৰলৈ ৰুদ্ৰাক্ষ অনা হয় আৰু ইয়াক ঘৰৰ মুখ্য ৰুমত ৰখা হয়, তেন্তে এনে ঘৰৰ ভাগ্য সলনি হবলৈ বেছি সময় নালাগে। ইয়াৰ দ্বাৰা বহু অলৌকিক লাভালাভও পোৱা যায় । ঘৰৰ আৰ্থিক অসুবিধাও দূৰ হয়। লগতে ঘৰলৈ ইতিবাচক শক্তিৰো আগমণ ঘটে ।
ভস্ম- শাওন মাহৰ সোমবাৰে ভস্ম আনি ভগৱান শিৱৰ মূৰ্তিৰ ওচৰত ৰাখক। ই ভগৱান শিৱক সন্তুষ্ট কৰে আৰু ভক্তসকলক মনে বিচৰা ফল দিয়ে।
ৰূপৰ ত্ৰিশূল - শাওন মাহৰ সোমবাৰে ৰূপৰ ত্ৰিশূল অনাৰ ফলত ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ হয়।

মহামৃত্যুঞ্জয় মন্ত্ৰ - শাওন মাহৰ সোমবাৰে ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰিব লাগে। এই মন্ত্ৰ জাপ কৰিলে জীৱনৰ সকলো দুখ দূৰ হয় বুলি বিশ্বাস কৰা হয় ।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact experts before trying."
No comments:
Post a Comment