মুৰৰ বিষৰ বাবে এই 5 টা ঘৰুৱা প্ৰতিকাৰে সঁচাকৈয়ে কাম কৰে | নিমিষতে নাইকিয়া কৰক মুৰৰ বিষ | Headache Home Remedies - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 6, 2021

মুৰৰ বিষৰ বাবে এই 5 টা ঘৰুৱা প্ৰতিকাৰে সঁচাকৈয়ে কাম কৰে | নিমিষতে নাইকিয়া কৰক মুৰৰ বিষ | Headache Home Remedies

আপুনি হয়তো কেতিয়াবা হলেও মুৰৰ বিষ অনুভৱ কৰিছে। মুৰৰ বিষৰ বহুতো কাৰণ আছে যেনে অস্বাভাৱিক নিউৰন কাৰ্যকলাপ, অত্যাধিক সুৰাপান, ধূমপান, কম টোপনি আদি । মুৰৰ বিষৰ বাবে দৈনন্দিন কাম কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চাহৰ কাপৰ আশ্ৰয় লয়। যদি চাহে সঠিক সময়ত সহায় নকৰে তেন্তে আমি পেইনকিলাৰ গ্ৰহণ কৰোঁ যি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। 

headache remedies

সেয়েহে, যদি আপুনি সঘনাই মুৰৰ বিষত ভুগি আছে আৰু পেইনকিলাৰ ঔষধ ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে আজি আমি এনে কিছুমান মুৰৰ বিষৰ টিপচৰ বিষয়ে জনাম যিয়ে  সঁচাকৈয়ে কাম কৰে |

পুদিনা ৰস: পুদিনাত থকা মিথানলে মাংসপেশী শিথিল কৰাত আৰু বিষ হ্ৰাস কৰাত সহায় কৰে। আপোনাৰ কপালৰ আৰু মুৰৰ ওপৰৰ অংশত  পুদিনা ৰস প্ৰয়োগ কৰক যাৰ দ্বাৰা আপুনি মুৰৰ বিষৰ পৰা সকাহ লাভ কৰিব। পুদিনা বাম বা পুদিনা তেলেও মুৰৰ বিষত কাৰ্যকাৰী ৰূপে কৰে।
আদা: আদা এজন অলৰাউণ্ডাৰ। আপোনাৰ ডিঙিৰ বিষ হওঁক বা পেট ৰঙা হওঁক বা মুৰৰ বিষ হওঁক, আদা হৈছে এক ৰামবাণ। ই মুৰৰ বিষৰ পৰা তাৎক্ষণিক সকাহ দিয়ে। আদাই মাইগ্ৰেইন সম্পৰ্কীয় সমস্যাবোৰ ৰক্ষা কৰাত সহায় কৰিব।
আপেল ভিনেগাৰ (এপল চাইডাৰ ভাইনেগাৰ): আপুনি মুৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপেলৰ ভিনেগাৰ বা আপেল দুয়োটা ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ বিশেষ কামত বা নিশা পাৰ্টি কৰোতে পিছদিনা পুৱা  ভয়ংকৰ মুৰৰ বিষ অনুভৱ কৰে তেন্তে এগিলাচ আপেল চাইডাৰ ভিনেগাৰৰ পনীয় বনাই খাব। এই পানীয়টো তৈয়াৰ কৰিবলৈ এগিলাচ পানীত 2  চামুচ আপেল চাইডাৰ ভিনেগাৰ, কেইটুপা মান মৌ আৰু কেইটোপালমান নেমুৰ ৰস যোগ দি পান কৰক ।      

তুলসী পাত: তুলসী পাত হৈছে মুৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ। ইয়াত থকা শক্তিশালী বনৌষধিয় উপদানে চাপযুক্ত মাংসপেশীস শান্ত কৰাত সহায় কৰে যি মুৰৰ বিষৰ কাৰক। একাপ পানী উতলাই অলপ তুলসী পাত দি অলপ সময় উতলিব দিয়ক আৰু লাহে লাহে এই চাহ পান কৰক। আপুনি ইয়াক সুস্বাদু কৰিবলৈ মৌ যোগ দিব পাৰে।     

কাঠবাদাম: টেবলেটৰ সলনি কাঠবাদাম খাব। হয়, শুকান ফল হৈছে মুৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ। ইয়াত চেলিচিন থাকে, যি হৈছে পেইনকিলাৰত পোৱা উপাদানৰ সৈতে একেই । মুৰৰ বিষ উপশম কৰিবলৈ আপুনি দুটা কাঠবাদাম খাব পাৰে।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/08/5-headache-home-remedies.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close