লিভাৰ দুৰ্বল হোৱাৰ আগতে এই লক্ষণবোৰে দেখা দিয়ে, কেতিয়াও ইগনৰ নকৰিব symptoms of Liver damage - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, April 26, 2021

লিভাৰ দুৰ্বল হোৱাৰ আগতে এই লক্ষণবোৰে দেখা দিয়ে, কেতিয়াও ইগনৰ নকৰিব symptoms of Liver damage

Problems of Liver - Symptoms

লিভাৰে আমাৰ শৰীৰৰ বাবে ৫০০ তকৈও অধিক কাম সম্পন্ন কৰে। সেইকাৰণে ইয়াক শৰীৰৰ কেন্দ্ৰীয় নিয়ন্ত্ৰক বুলিও জনা যায় আৰু ইয়াত হোৱা সৰু-সুৰা অসুবিধাৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাই দেখা দিয়ে । লিভাৰ হৈছে আমাৰ শৰীৰৰ দ্বিতীয় সৰ্ববৃহৎ অঙ্গ। এজন সাধাৰণ স্বাস্থ্যৱান ব্যক্তিৰ শৰীৰত লিভাৰৰ ওজন 1.5কেজিৰ পৰা 2 কেজিৰ ভিতৰত হয়।  
 
Liver damage symptoms

লিভাৰে শৰীৰৰ পৰা অপ্ৰয়োজনীয় বা বিষাক্ত পদাৰ্থ আঁতৰ কৰাৰ কামও সম্পাদন কৰে।  সেয়হে লিভাৰৰ যিকোনো সৰু সমস্যাও উপেক্ষা কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিয়নো, এইটো দেখা গৈছে, বহুলোকে ব্যস্ত সময়সূচী বা অৱহেলাৰ বাবে সৰু-সুৰা সমস্যাবোৰ উপেক্ষা কৰে। কিন্তু, আপুনি জানেনে যে যিকোনো সমস্যা হোৱাৰ আগতে লিভাৰে আমাক সংকেত দিবলৈ আৰম্ভ কৰে । আজি আমি সেই সংকেতসমূহৰ বিষয়েই জনাম যাতে পাছলৈ যিকোন ডাঙৰ ক্ষতিৰ পৰা নিজকে পৰিহাৰ কৰিব পাৰি ।

Liver damage symptoms

লিভাৰ বেয়া হোৱাৰ কেইটামান সংকেট হৈছে -  
সঘনাই পেটৰ বিষ: যদিও পেটৰ বিষ বিভিন্ন কাৰণত হব পাৰে, যদি আপোনাৰ পেটৰ ওপৰৰ সোঁ অংশ বা কমিহাড়ৰ তলৰ সোঁ অংশত নিৰন্তৰ বিষ হয়, ইয়াৰ অৰ্থ হৈছে আপোনাৰ লিভাৰত কিবা প্ৰবলেম আছে । এনে পৰিস্থিতিত, লগে লগে চিকিৎসকৰ ওচৰলৈ যাওঁক আৰু  আপোনাৰ অৱস্থা অধিক অৱনতি ঘটাব পৰা খাদ্য  জাংক ফুড, ফাষ্ট ফুড আদিৰ গ্ৰহণ হ্ৰাস কৰক।
জণ্ডিচ: যদি কেইবাদিন ধৰি আপোনাৰ চকু হালধীয়া আৰু ছালৰ ৰং বগা হৈ পৰিছে তেন্তে  আপোনাৰ তেজত বিলিৰুবিনৰ স্তৰ বৃদ্ধি হোৱাৰ আশাংকা থাকে । এই পৰিস্থিতিত, আপোনাৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থ বোৰ উলিয়াই অনা সম্ভৱ নহয়। সেয়হে ততাতৈয়াকৈ ডাক্তৰৰ লগত যোগাযোগ কৰক ।
ওজন হ্ৰাস: যদি আপুনি কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস হয় তেনেহ'লে ই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহব পাৰে । লিভাৰৰ যিকোনো সমস্য়া থাকিলে  ভোক হ্ৰাস হয়, যাৰ ফলত ওজন হ্ৰাস হয়। এই ক্ষেত্ৰত আপুনি চিকিৎসকৰ সহায় লোৱা উচিত । 
ভাগৰ অনুভৱ কৰা: দীঘলীয়া সময় কাম কৰাৰ পিছত ভাগৰ লগাটো স্বাভাৱিক। কিন্তু যদি আপুনি গোটেই দিনটো একো কাম নকৰি আপুনি ভাগ অনুভৱ কৰিছে, মূৰ ঘূৰোৱা অনুভৱ কৰিছে আৰু আপোনাৰ পেশীত দুৰ্বল অনুভৱ কৰিছে, তেন্তে ই আপোনাৰ লিভাৰৰ দুৰ্বল হোৱাৰ লক্ষণ। 
জিভাৰ সোৱাদ নোপোৱা - জ্বৰ নাথাকিলেও খাদ্য়ৰ জুতি নোপোৱা আৰু নিৰন্তৰ তিক্ততা অনুভৱ কৰা লিভাৰ বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। কেৱল এয়াই নহয়, যেতিয়া লিভাৰ ক্ষতিগ্ৰস্ত হয়, এমোনিয়াৰ অত্যাধিক পৰিমাণৰ বাবে মুখখন দুৰ্গন্ধযুক্ত হ'বলৈ আৰম্ভ কৰে।
টোকা: এই প্ৰবন্ধত দিয়া তথ্যবোৰ গৱেষণাৰ ওপৰত আধাৰিত। আমি দাবী নকৰোঁ যে সেইবোৰ সম্পূৰ্ণৰূপে সঁচা আৰু সঠিক, আৰু সেইবোৰ চেষ্টা আৰু গ্ৰহণ কৰাৰ আগতে এজন বিশেষজ্ঞৰ পৰামৰ্শ নিতান্তই প্ৰয়োজনীয় ।

লগতে পঢ়ক - ৮ গিলাচ নহয়, বয়স অনুসৰি আপুনি কিমান পানী খাব লাগিব ? 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/health-benefits-of-eating-watermelon.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close