সাৱধান হওক! এই 5 টা বস্তু কেতিয়াও বাহি বা পুন: গৰম কৰি নাখাব । Leftover foods that are injurious to health - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, February 19, 2021

সাৱধান হওক! এই 5 টা বস্তু কেতিয়াও বাহি বা পুন: গৰম কৰি নাখাব । Leftover foods that are injurious to health

Foods that You Must Stop Reheating Right Away

Most of us reheat savour foods to save cooking time.These food may not be as safe after being reheated due to lose of  their nutritional value.
খাদ্যই শৰীৰৰ গঠন, বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে।এবাৰ ৰন্ধা এনে বহুতো খাদ্য আছে যি আমি ফ্ৰিজত পিছদিনাৰ বাবেও ৰাখি থৈ দিও । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এনেধৰণৰ বাহি খাদ্য খালে আপোনাৰ শৰীৰত বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেয়হে আপুনি যিমান সম্ভৱ সতেজ খাদ্য খাব লাগে। আহক কিছুমান খাদ্যৰ বিষয়ে জানো য বাৰে বাৰে গৰম কৰি খালে আপোনাৰ শৰীৰলৈ বিপদ মাতি আনিব পাৰে।
Leftover foods that are injurious to health

ভাত(Rice)

আমাৰ মুখ্য খাদ্য হৈছে ভাত। আমাৰ দেশৰ বেছিভাগ লোকৰ দিনত এবাৰ হলেও ভাত খোৱাৰ অভ্যাস আছে। ভাত ৰন্ধাৰ সময়ত, তাত বেচিলাছ চিৰিয়াচ বেক্টেৰিয়াৰ তৈয়াৰ হয়। পুনৰ ৰন্ধা ভাত গৰম কৰিলে সেই বেক্টেৰিয়াৰ সংখ্যা দুগুণলৈ বৃদ্ধি হৈ ডায়েৰিয়া পৰ্যন্ত হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে, চাউল সিদ্ধ কৰি তৈয়াৰ হোৱাৰ পাছতো এই বেক্টেৰিয়া জীয়াই থাকে। যেতিয়া ভাত স্বাভাৱিক উষ্ণতাত ৰাখি দিয়া হয় তেতিয়া এই বেক্টেৰিয়াই প্ৰজনন কৰি বৃদ্ধি হয় । গতিকে ভাত দুবাৰ গৰম কৰি খোৱাৰ পৰা বিৰত থাকিব লাগে । 

কণী(Egg)

কণীও আমাৰ আটাইতকৈ চিনাকি প্ৰিয় খাদ্য। যদি কণীটো দ্বিতীয়বাৰ গৰম কৰা হয়, ইয়াৰ পুষ্টিগত মূল্য ক্ষতিগ্ৰস্ত হয়। বিভিন্ন ক্ষতিকাৰক বেক্টেৰিয়াৰ জন্ম হয়। এই বেক্টেৰিয়াবোৰ পেটৰ বাবে অতি ক্ষতিকাৰক। লগতে, দ্বিতীয়বাৰৰ বাবে কণী গৰম কৰিলে ইয়াত থকা নাইট্ৰজেন অক্সিডাইজ হয় যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।

কুকুৰা(Chicken)

সময় সংৰক্ষণ কৰিবলৈ আমাৰ বহুতই সৰহকৈ মুৰ্গী মাংস একেলগে ৰান্ধে যাতে পিছলৈ দুই-তিন সাজ খাব পাৰি । কিন্তু কুকুৰা মাংস বাৰে বাৰে গৰম কৰি খাব নালাগে। কাৰণ মুৰ্গীত যথেষ্ট প্ৰ'টিন থাকে। ৰন্ধাৰ পিছত ইয়াক পুনৰ গৰম কৰিলে প্ৰ'টিনৰ গঠন সলনি হৈ বদহজম হ'ব পাৰে। সেয়েহে আপুনি যিমান খাব পাৰে সিমান সংখ্য়ক আন্দাজমতে মুৰ্গী ৰন্ধা উচিত ।

চাহ (Tea)

আমাৰ বহুতে নাজানে যে এবাৰ চাহ তৈয়াৰ হলে ঠাণ্ডা হোৱাৰ পিছত ইয়াক পুনৰ গৰম কৰিব নালাগে। কাৰণ চাহত টেনিক এচিড থাকে। তৈয়াৰ কৰা চাহ পুনৰ গৰম কৰি পান কৰিলে যকৃতৰ ক্ষতি হ'ব পাৰে। গতিকে এবাৰ তৈয়াৰ কৰা চাহ পুনৰ গৰম কৰি খাব নালাগে।

আলু(Potato)

বাৰে বাৰে আলু গৰম কৰিলে ইয়াত থকা উপকাৰী উপাদানবোৰৰ কর্মক্ষমতা হ্ৰাস পাবলৈ আৰম্ভ কৰে। ফলস্বৰূপে, এনে খাদ্য খালে শৰীৰৰ কোনো উপকাৰেই  কৰিব নোৱাৰে। কেৱল সেইটোৱেই নহয়, একাধিক কেছ অধ্যয়নে দেখুৱাইছে যে আলুৰে তৈয়াৰ কৰা তৰকাৰী বাৰে বাৰে গৰম কৰি খালে পেট বেয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

পঢ়ক - জানক জালুক চাহৰ আচৰিত উপকাৰীতাসমুহ 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/02/leftover-foods-that-are-injurious-to-health.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close