এইটো গছৰ 4 টা পাত চিঙি চোবাই লওক । খজুৱতী, ডায়বেটিচ, কেন্সাৰ আদি বেমাৰ হব নিৰাময় ।
আপুনি নিশ্চয় মধুৰিআমৰ স্বাস্থ্যৰ লাভালাভৰ বিষয়ে বহু শুনিছে, এটা মধুৰিয়াম ১০ টা আপেলৰ সমান বুলিও শুনিছে । কিন্তু আপুনি ইয়াৰ পাতৰো যে ঔষধি গুণ আছে এই বিষয়ে জানেনে ? হয়, মধুৰিআমৰ পাতবোৰো কোনোমধ্যে মধুৰিয়ামতকৈ কম নহয় । বহু গুৰুতৰ স্বাস্থ্য সমস্যাৰ সমাধান অতি সহজে মধুৰিয়ামৰ পাতৰ পৰা লাভ কৰিব পাৰি । এই লিখনিত, আমি আপোনাক মধুৰিআমৰ পাতৰ লাভালাভ, ব্যৱহাৰ আৰু আন বহুতো গুৰুত্বপূৰ্ণ বিষয় বস্তুৰ বিষয়ে তথ্য প্ৰদান কৰিম। যদি আপুনি মধুৰিআমৰ পাতৰ লাভালাভৰ বিষয়ে জানিব বিচাৰে, তেন্তে আপুনি আমাৰ এই লিখনিটো সম্পুৰ্ণকৈ পঢ়ক ।
মধুৰিআমৰ পাতৰ আচৰিত লাভসমূহ -
মধুৰিআমৰ পাত ঔষধি গুণসমৃদ্ধ। সেয়হে ইয়াক বিভিন্ন ৰোগৰ সৈতে যুঁজিবলৈ আৰু স্বাস্থ্যৰ সমস্যা সমাধান কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়া আৰু এণ্টিইনফটাইলেটি বিশেষত্ব আছে।লগতে, এই পাতবোৰত থকা ৰাসায়নিক পদাৰ্থসমূহ যেনে পলিফিনোল, কেৰোটিনোইড, ফ্লাভনোইড আৰু টেনিন আদি বিভিন্ন ৰোগৰ চিকিৎসাত অতিশয় কাৰ্যকৰী হ'ব পাৰে। তলত, আমি মধুৰিআমৰ পাতৰ স্বাস্থ্যৰ আচৰিত লাভসমূহৰ বিষয়ে জনাম ।
১. ডায়বেটিচ
মধুৰিআমৰ পাতত থকা ফিনোলিক যৌগই ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মধুৰিআমৰ পাতৰ খালে লিপিডৰ পৰিমাণো হ্ৰাস পায়। ইয়াৰ গ্ৰহণে প্ৰ'টিন গ্লাইকেচনো হ্ৰাস কৰিব পাৰে, অৰ্থাৎ শৰীৰত থকা চুগা্ৰৰপৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। গতিকে কব পাৰি যে মধুৰিআমৰ পাতত ডায়বেটিচ প্ৰতিৰোধী গুণ আছে । ৬ তা কেঁচা মধুৰী পাত ভালদৰে ধুই পেষ্ট বনাই লওঁক আৰু এইখিনি একাপ পানীৰ সৈতে মিহলাই ভালদৰে ঘুটি লওঁক । আৰু এই মিশ্ৰণ টি ডায়েবেটিচ ৰোগীয়ে ভাত খোৱাৰ আধা ঘন্টা আগত দিনে দুবাৰকৈ এমাহৰ বাবে খালে নিশ্চয় ডায়েবেটিচ ৰোগীৰ চুগাৰ নিয়ন্ত্ৰণ হব।
২. যৌনশক্তি
মধুৰিআমৰ পাতৰ সহায়ত শুক্ৰাণুৰ গণনাও উন্নত কৰিব পাৰি। লগতে, মধুৰিআমৰ পাতবোৰে যৌন শক্তি বৃদ্ধি কৰিবলৈ সক্ষম বুলি গণ্য কৰা হৈছে। এটা অধ্যয়নে প্ৰকাশ কৰিছে যে মধুৰিআমৰ পাতত থকা এণ্টিঅক্সিডেণ্ট গুণবোৰে শুক্ৰাণুৰ বিষাক্ততাৰ ওপৰত লাভজনক প্ৰভাৱ পেলায়, যিয়ে পুৰুষৰ যৌনশক্তি উন্নত কৰাত সহায় কৰিব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
৩. কৰ্কট ৰোগ
মধুৰিআমৰ পাতত কৰ্কট প্ৰতিৰোধী গুণো পোৱা যায়।যদি আপুনি
নিয়মীয়াকৈ 100 গ্ৰাম মধুৰিআমৰ পাত কাঢ়া বনাই খাই তেন্তে পাকস্থলী আৰু
হাঁওফাঁওৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা পাব পাৰে।ইয়াৰ উপৰিও, মধুৰিআমৰ পাতে কৰ্কট
ৰোগীৰ ডিএনএ আৰু অন্যান্য কোষৰ ক্ষতি প্ৰতিৰোধ কৰিব পাৰে ।
৪. এলাৰ্জি
মধুৰিআমৰ পাতত এলাৰ্জিক প্ৰতিৰোধী গুণ থকা দেখা যায়। এই গুণে শৰীৰত হবলগীয়া এলাৰ্জি হ্ৰাস কৰাত সহায় কৰে। এক গৱেষণা অনুসৰি, ইয়াত থকা এলাৰ্জিক প্ৰতিৰোধী গুণবোৰে প্ৰদাহ-ৰোধী চাইটোকাইন (এক প্ৰকাৰৰ প্ৰ'টিন) সৃষ্টি হোৱাত বাধা প্ৰদান কৰে ।
৫. দাঁতৰ বিষ
মধুৰিআমৰ পাতত থকা এনালজেচিক, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টি-মাইক্ৰ'বিয়ল গুণেও দাঁতৰ বিষ নিৰাময় কৰাত সহায় কৰিব পাৰে। মধুৰিআমৰ পাত চোবালে দাঁতৰ পোক আৰু দাঁত সম্পৰ্কীয় ৰোগও আঁতৰ হয়।
৬. ঘা আৰু সংক্ৰমণ
মধুৰিআমৰ পাতত থকা ঔষধি গুণৰ বাবে শৰীৰত হোৱা ঘা আৰোগ্য কৰাত সহায় কৰিব পাৰে। আাচলতে ইয়াত থকা এণ্টিমাইক্ৰোবিল গুণবোৰে আঘাত আৰু চালৰ সংক্ৰমণৰ সৈতে সম্পৰ্কিত বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ই ঘা হ'লে দ্ৰুততাৰে আৰোগ্য কৰাত সহায় কৰে।
৭. শালমইনা আৰু ক'লা দাগ
শালমইনা আৰু ক'লা দাগ প্ৰায়ে আমাক মানসিকভাৱে দুৰ্বল কৰি তুলে। এই সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈআপুনি মধুৰিআমৰ পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত ভিটামিন চি থাকে, যি আপোনাৰ মুখত শালমইনাৰ ফলত হোৱা কলা দাগ অৰ্থাৎ হাইপাৰপিগমেণ্টেচন আঁতৰ কৰে। লগতে, ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণবোৰে আপোনাৰ শলমইনাবোৰো ঠিক কৰে। মধুৰিআমৰ 10-12 টা পাত অলপ পানীৰ সৈতে পটাগুটি নাইবা মিক্সাৰত পিচি লওক। এতিয়া প্ৰস্তুত হোৱা পেষ্টটো আপোনাৰ মুখত লগাওক। পেষ্টটো শুকোৱাৰ পিছত ইয়াক ধুৱক। আপুনি প্ৰতিদিনে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব পাৰে। অতি সোনকালে সুফল দেখা পাব ।
৮. খৰ-খজুৱতী
সংক্ৰমণৰ ফলত সাধাৰণতে চালত খজুৱতি হয় । মধুৰিআমৰ পাতত প্ৰদাহ প্ৰতিৰোধী গুণ থাকে যি সংক্ৰমণ হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ইয়াৰ প্ৰলেপ ব্যৱহাৰ কৰিলে চালত খজুৱতি উপশম পোৱা যায় ।কেনেদৰে ব্যৱহাৰ কৰিব : আপুনি প্ৰয়োজন অনুসৰি পানীৰ সৈতে মধুৰিআমৰ পাত কেইটামান ভালদৰে পিছি লওক। প্ৰলেপ সাজু হোৱাৰ পিছত খজুৱতিৰ প্ৰভাৱিত স্থানত ইয়াক প্ৰয়োগ কৰক । এই প্ৰক্ৰিয়া দুদিনমান কৰিলেই আপুনি আৰাম পাব ।
আমি আপোনালোকক মধুৰিআমৰ পাতৰ লাভালাভবোৰৰ বিষয়ে ইতিমধ্যে জনালো । এতিয়া এই লাভসমূহ পাবলৈ মধুৰিআমৰ পাত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জানো আহক ।
মধুৰিআমৰ পাত কিদৰ ব্যৱহাৰ কৰিব -
- আপুনি মধুৰিআমৰ পাত কাঢ়া বনাই পান কৰিব পাৰে। মধুৰিআম পাতৰ কাঢ়া প্ৰস্তুত কৰিবলৈ 5 কাপ পানীৰ ভিতৰত 10 টা মধুৰিআমৰ পাত ৰাখক আৰু পানীৰ পৰিমাণ ১ কাপ নোপোৱালৈকে উতলাই কাঢ়া প্ৰস্তুত কৰক ।
- আপুনি মধুৰিআমৰ পাতৰ পেষ্ট এটা বনাই চালত লগাব পাৰে।
- আপুনি মধুৰিআম পাতৰ পেষ্ট তেলৰ সৈতে মিহলি কৰি ব্যৱহাৰ কৰিব পাৰে।
No comments:
Post a Comment