আকৌ পংকজ পাঠকক লে পুন: বিতৰ্কত উঠিছে চচিয়েল মিডিয়া ! দাবী কৰা হৈছে ভাৰতৰত্নৰ বাবে । এজন বিশিষ্ট সাংবাদিকে দাবী কৰিছে পংকজ পাঠকক ভাৰতৰত্নৰ বাবে যোগ্য় ব্য়ক্তি বুলি । । পিছে এইবাৰ চিকিৎসা নহয়, অসমৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই বিতৰ্কত সোমাইছে পংকজ পাঠক ।
চিকিৎসা বিধানেৰে সততে চৰ্চাত থকা বিতৰ্কিত পংকজ পাঠক চচিয়েল মিডিয়াত এটা পষ্ট লিখি কয় - ‘হনুমানৰ বাবে হেনো সৃষ্টি হ’ল অসম।’ পংকজ পাঠকে লিখিছে- ‘ৰামায়নত হনুমানে লক্ষ্মণক বচোৱাৰ বাবে সঞ্জীৱনী ৱৰ্তী থকা যিখন পাহাৰ উঠাই আনিছিল হিমালয়ৰ পৰা, সেইখন সঞ্জীৱনী বৰ্তী পাহাৰ বঙ্গোপ সাগৰত পেলাই দিছিলহি। সেই বঙ্গোপ সাগৰৰ পাৰতেই তাৰ ফলত সৃষ্টি হৈছিল বংগ। তাৰে মূল পাহাৰখিনিত থকা ভূখণ্ড অসমান আছিল বাবেই, সেই অসমান ভূমিখিনিয়েই পিছত গৈ অসম নাম পায়।’
পাঠকৰ এই মন্তব্যই বহুতৰ বাবে হাঁহিৰ খোৰাক যোগাইছে । ছছিয়েল মিডিয়াত ট্ৰলৰ সন্মূখীন হৈছে পংকজ পাঠক । পংকজ পাঠকৰ অদ্ভূত যুক্তি- ইয়াৰ ফলত অসমত হেনো পোৱা যায় বহু ঔষধি গছ। চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাবলৈ গৈ যা-তা কথা কোৱা পংকজ পাঠকৰ এনে মন্তব্যই ছ’চিয়েল মিডিয়াতো পাঠকক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে পংকজ পাঠকৰ এই মন্তব্য়ৰ পাছতেই আক্ৰমণৰ লক্ষ্য় কৰি লয় বিশিষ্ট সাংবাদিক ঋতুস্মিন শৰ্মাই । ইতিংকিৰ সুৰত ঋতুস্মিন শৰ্মাই পংকজ পাঠকৰ এই মন্তব্য়ৰ বাবে ভাৰতৰত্নৰ বাবে পংকজ পাঠকৰ নামটো প্ৰস্তাৱ কৰিব লাগে বুলি কয় ।
ইফালে পংকজ পাঠকৰ এই মন্তব্য়ৰ পাছতেই আক্ৰমণৰ লক্ষ্য় কৰি লয় বিশিষ্ট সাংবাদিক ঋতুস্মিন শৰ্মাই । ইতিংকিৰ সুৰত ঋতুস্মিন শৰ্মাই পংকজ পাঠকৰ এই মন্তব্য়ৰ বাবে ভাৰতৰত্নৰ বাবে পংকজ পাঠকৰ নামটো প্ৰস্তাৱ কৰিব লাগে বুলি কয় ।
No comments:
Post a Comment