ভূপেন হাজৰিকাই কিয় সকলো সম্পত্তি কল্পনা লাজমীক দিছিল ? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, September 24, 2018

ভূপেন হাজৰিকাই কিয় সকলো সম্পত্তি কল্পনা লাজমীক দিছিল ?

ভূপেন হাজৰিকাই কিয় সকলো সম্পত্তি কল্পনা লাজমীক দিছিল ? :

ভূপেন হাজৰিকা আৰু কল্পনা লাজমীৰ মাজত থকা সম্পৰ্ক হয়তো প্ৰায় সকলোৱে জানে ! কিন্তু আপুনি জানেনে যে ভূপেন হাজৰিকাই মৃত্য়ুৰ পূৰ্বে সকলো সম্পত্তি নিজ পত্নীৰ পৰিৱৰ্তে কল্পনা লাজমীৰ নামত লিখি থৈ গৈছিল ? জীৱিত কালতেই কল্পনা লামজীক স্বীকৃতি দিছিল ভূপেন হাজৰিকাই। এখন ইচ্ছাপত্ৰত এই কথা লিখিছিল সুধাকণ্ঠই।

গুৱাাটীৰ এখন আদালতত এই ইচ্ছাপত্ৰ প্ৰস্তুত কৰিছিল ভূপেন হাজৰিকাই। ইচ্ছাপত্ৰত তেওঁ লিখিছে- সংগীত জগতত মোৰ এই উত্থানৰ বাবে সম্পূৰ্ণ কৃতিত্ব কল্পনা লাজমীৰ। স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ ভাগ কোনে পাব সেই বিষয়েও লিখিছিল এই ইচ্ছাপত্ৰত। লাজমী সন্দৰ্ভত লিখিছিল- ১৯৭৭চনৰ পৰাই মোৰ ব্যৱসায়িক অংশীদাৰ হৈছে কল্পনা লাজমী। মোৰ এই উত্থানৰ আঁৰত কল্পনাৰ যথেষ্ট ভূমিকা আছে। কল্পনাক লগ পোৱাৰ আগতে দাল-দৰিত্ৰ আছিলো। সেই সময়ত মোৰ লগত কেৱল ৩৫টা আছিল। ১৯৭৭চনৰ পৰাই তেওঁ মোক চোৱাচিতা কৰিছিল। আৰ্থিক অৱস্থা বেয়া হোৱা সময়তো কল্পনা মোৰ লগত আছিল। মানসিকভাৱে ভাগি পৰাৰ সময়তো মোৰ সংগী আছিল কল্পনা।

ইয়াৰোপৰিও ইচ্ছাপত্ৰত তেওঁ লিখিছিল মোৰ কাষৰ পৰা দীৰ্ঘদিন আতৰি থকা কানাডাত থকা মোৰ পত্নী প্ৰিয়ম্বদা পেটেল, নিউয়ৰ্কত থকা মোৰ পুত্ৰ তেজ হাজৰিকা, মোৰ পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱ, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসেও কল্পনা লাজমীক মই দিয়া সম্পত্তি কেতিয়াও দাবী কৰিব নোৱাৰিব। এই ইচ্ছাপত্ৰৰ জৰিয়তে তেওঁৰ মৃত্যুৰ পাছত কল্পনা লাজমীয়ে কি কি লাভ কৰিব সেই কথা উল্লেখ কৰি গৈছিল।সেই অনুসৰি কল্পনা লাজমীক ভূপেন হাজৰিকাই দি গৈছিল- ভূপেন হাজৰিকাৰ নামত থকা চলচ্চিত্ৰ আৰু শব্দ সংক্ৰান্তীয় সকলো নথিপত্ৰ। কলকাতাৰ তালিগঞ্জত থকা ৭৭৮ গ’ল্ফ ক্লাৱ ৰোডৰ ফ্লেটটো হাজৰিকাই লিখি দিছিল কল্পনা লাজমীৰ নামত। মুম্বাইৰ আন্ধেৰীৰ এফ/এ/২০৫ নম্বৰৰ ফ্লেটটোও লিখা আছিল কল্পনা লাজমীৰ নামত।

এইদৰে নিজ পত্নীৰ পৰিৱৰ্তে কল্পনা লাজমীৰ নামত ভূপেন হাজৰিকাই সকলো সম্পত্তি লিখি দি গৈছিল ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close