বাহি্ৰৰ পৰা অহা চালানী মাছ ১০ দিনৰ বাবে বন্ধ কৰিলে অসম চৰকাৰে - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, July 10, 2018

বাহি্ৰৰ পৰা অহা চালানী মাছ ১০ দিনৰ বাবে বন্ধ কৰিলে অসম চৰকাৰে

বাহি্ৰৰ পৰা অহা চালানী মাছ ১০ দিনৰ বাবে বন্ধ কৰিলে অসম চৰকাৰে :
অহা বুধবাৰৰ পৰা ১০ দিনৰ বাবে অসমত নিষিদ্ধ হ'ল চালানী মাছ । অসমলৈ চালানী মাছ অহা বন্ধ কৰিছে ৰাজ্য চৰকাৰে। আজি সংবাদমেল আয়োজন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে বাহিৰৰ পৰা অহা চালানী মাছত  ফৰ্মেলিনৰ উপস্থিতি পোৱা গৈছে। 

উল্লেখযোগ্য এই যে, ২৯ জুনত পাইকাৰী মাছ বজাৰৰ পৰা নমুনা সংগ্ৰহ কৰিছিল খাদ্য সুৰক্ষা বিভাগে। পৰীক্ষাত প্ৰমাণিত হৈছে মাছত ফৰ্মেলিন ব্যৱহাৰৰ তথ্য। এতিয়া ১০ দিনৰ পিছতহে অসমলৈ আনিব পাৰিব চালানী মাছ। কিন্তু মাছত ফৰ্মেলিন ব্যৱহাৰ কৰিব নোৱাৰিব ব্যৱসায়ীয়ে। কোনো ব্যৱসায়ীৰে যদি ফৰ্মেল ব্যৱহাৰ কৰি মাছ বিক্ৰী কৰে তেন্তে তেঁওক অাইনগত ভাৱে শাস্তি প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close