পুন: বিতৰ্কিত মন্তব্য জুবিনৰ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, July 15, 2018

পুন: বিতৰ্কিত মন্তব্য জুবিনৰ

সদায় বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা জুবিন গাৰ্গে শনিবাৰে এখন সংবাদমেলত হিমা দাস সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য় দিয়ে  ।জুবিনে কয় যে গোমাংস খালেহে হিমাৰ দৌৰাৰ শক্তি বৃদ্ধি পাব। গোমাংসই অধিক শক্তিৰ যোগান ধৰে।ক্ৰীড়াবিদসকলে ধৰ্ম, জাতি আদিৰ উৰ্ধলৈ গৈ কেবল খেলতহে মনঃসংযোগ কৰিব লাগে বুলি জুবিনে কয়।
ইফালে চৰকাৰেকে ধৰি অান কিছুমান প্ৰতিষ্ঠানে হিমাক নিয়োজিত কৰাৰ বিষয়টোত জুবিনে কয় যে চাকৰি কৰিবলৈ ১৯ বছৰীয়া হিমা এতিয়াও সৰু হৈ আছে আৰু ২৫ বছৰ বয়সলৈকে তেওঁ এগৰাকী এথলিট হিচাপে সক্ৰিয় হৈ থাকিব পাৰিব।চাকৰি কৰাৰ কথাটো এতিয়া উঠিব নালাগে বুলিও তেওঁ কয়।জুবিনে হিমাক ৰাষ্ট্ৰৰ বাবে দৌৰি যোৱাৰ বাবে আহ্বান জনায়।
জুবিনে আৰু কয় যে ট্ৰেকৰ আন্তঃজাতিক ইভেন্ট এটাত সোণৰ পদক লাভ কৰা একমাত্ৰ এথলিট হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হৈ ভাৰতক বিশ্বৰ মানচিত্ৰত স্থান দিয়া হিমাই এতিয়া কেবল খেলত মনোযোগ দিব লাগে। ২৫ বছৰ বয়সত অৱসৰ গ্ৰহণৰ পাছত তেওঁ চাকৰিত যোগ দিবলৈ অফুৰন্ত সময় পাব।
অসমৰ সূত্ৰ ধৰি জুবিনে কয় যে ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম এথলিট যিয়ে আন্তঃজাতিক ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।ভোগেশ্বৰ বৰুৱাৰ পাছতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা দ্বিতীয়গৰাকী ক্ৰীড়াবিদৰ জন্ম দিব পৰাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয়।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close