সুখৱৰ ! পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা ! ASSAM TET 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 29, 2019

সুখৱৰ ! পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা ! ASSAM TET 2019

সুখৱৰ ! পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা:

অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পুন: অনুষ্ঠিত হব টেট পৰীক্ষা । যিটো সময়ত অসমত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি ৰাখিছে আৰু লাখ লাখ  শিক্ষিত নিবনুৱাই এটা চাকৰিৰ আশাত পাৰ কৰিছে দিন-ৰাতি তেনে সময়তে ৰাজ্য চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰি অহাত কিছু হলেও সকাহ দিছিল নিবনুৱা সকলক ।



কিন্তু যোৱা সাত বছৰ ধৰি ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নাই টেট পৰীক্ষা। যাৰ ফল ভোগ কৰিছে শিক্ষিত নিবনুৱাসকলে। তাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰক পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

File Photo

অৰুপ কুমাৰ মেধিসহ ৮০গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা ডব্লিউ এ ৩২/২০১৯ নম্বৰৰ এখন ৰীট আপীলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ অৰুপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে টেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰক। লগতে টেট অনুষ্ঠিত নকৰাকৈ নতুন শিক্ষক নিযুক্তি দিব নোৱাৰিব বুলিও স্পষ্টকৈ সকীয়াই দিয়ে ন্যায়ালয়ে।


উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০১২ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল সাধাৰণ টেট পৰীক্ষা।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close